Nitu Moni Das

Nitu Moni Das My name is Nitu Moni Das. I have leave to Guwahati Assam..

Bin
24/08/2026

Bin

12/08/2026
04/08/2026

"মানৱ সেৱাই পৰম ধৰ্ম" — এই চিৰন্তন আদৰ্শক হৃদয়ত ধাৰণ কৰি, উজনি অসমৰ শেহতীয়া ভয়াৱহ বান পানীত ক্ষতিগ্ৰস্ত ৰাইজৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে কৃষ্ণগুৰু সেৱাশ্ৰমে এক বিশেষ চিকিৎসা সেৱা কাৰ্যসূচী গ্ৰহণ কৰিছে।
___________________________________________

বানপীড়িত অঞ্চলসমূহত জৰুৰীকালীন স্বাস্থ্য সেৱা আগবঢ়াবলৈ সেৱাশ্ৰমৰ ফালৰ পৰা অভিজ্ঞ চিকিৎসক, দক্ষ চিকিৎসা কৰ্মী আৰু স্বেচ্ছাসেৱকৰ এক বৃহৎ দল ৰাওনা হ'ব। প্ৰাথমিক চিকিৎসা, প্ৰয়োজনীয় ঔষধ বিতৰণ, স্বাস্থ্য পৰামৰ্শ আৰু অসুস্থ লোকসকলৰ তাৎক্ষণিক সহায়ৰ জৰিয়তে বিপদগ্ৰস্ত ৰাইজৰ কাষত থিয় হোৱাৰ এই প্ৰয়াস কেৱল এটা কাৰ্যসূচী নহয়, ই হৈছে মানৱতাৰ প্ৰতি এক আন্তৰিক অংগীকাৰ।

ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত সেৱা কেই সৰ্বোচ্চ ধৰ্ম বুলি গণ্য কৰা হৈছে। ত্ৰেতাত ভগৱান শ্ৰীৰামে ৰাজপাট, সুখ-সুবিধা ওপৰত কেতিয়াও গুৰুত্ব দিয়া নাছিলে। তেওঁ সদায় ধৰ্ম, কৰ্তব্য আৰু জনকল্যাণক অগ্ৰাধিকাৰ দিছিল। বনবাসত থাকিও ঋষি-মুনি, সাধু-সন্ত আৰু দুখীয়া লোকসকলৰ সুৰক্ষাৰ বাবে তেওঁ অন্যায়ৰ বিৰুদ্ধে থিয় দিছিল। ৰাৱণ বধো কেৱল এক যুদ্ধ নাছিল, সেয়া আছিল ধৰ্ম আৰু মানৱতাৰ সুৰক্ষাৰ এক মহান দৃষ্টান্ত।

মহাভাৰতও আমি দেখিবলৈ পাওঁ যে ভগৱান শ্ৰীকৃষ্ণই বাৰে বাৰে শিকাইছে, নিঃস্বাৰ্থ কৰ্মই হৈছে জীৱনৰ শ্ৰেষ্ঠ সাধনা। "লোকসংগ্ৰহ", অৰ্থাৎ সমাজৰ মংগলৰ বাবে কৰা কৰ্মই প্ৰকৃত যোগ। গীতাত শ্ৰীকৃষ্ণই কৈছে যে ফলৰ আশা নকৰি কৰ্তব্য পালন কৰা। বিপদৰ সময়ত দুখীয়া, অসহায় আৰু পীড়িত লোকৰ কাষত থিয় হোৱাটো সেই কৰ্তব্যৰেই এক উজ্জ্বল ৰূপ।

দ্বাপৰ যুগত শ্ৰীকৃষ্ণই কেৱল উপদেশেই দিয়া নাছিল, তেওঁ নিজেও দুখ-কষ্ট ভাগ কৰি কৰিছিল। গোৱৰ্ধন পৰ্বত ধাৰণ কৰি গোকুলবাসীক প্ৰলয়ংকৰ বৰষুণৰ পৰা ৰক্ষা কৰা ঘটনাই এই সত্যকে প্ৰতিপন্ন কৰে যে, ঈশ্বৰৰ কৃপা কেৱল অলৌকিক শক্তিত নহয়, অসহায়ৰ ৰক্ষাৰ মাজতো প্ৰকাশ পায়। যি হাত বিপদৰ সময়ত আনৰ সহায়লৈ আগবাঢ়ে, সেই হাতেই ঈশ্বৰৰ সেৱাৰ এক পবিত্ৰ মাধ্যম হৈ পৰে।

বানপানীৰ দৰে দুৰ্যোগত বহু পৰিয়ালে নিজৰ ঘৰ-বাৰী, জীৱিকা আৰু স্বাস্থ্যৰ নিৰাপত্তা হেৰুৱায়। এনে সময়ত চিকিৎসা সেৱা কেৱল ঔষধ বিতৰণ নহয়, ই হৈছে জীৱন ৰক্ষাৰ এক মহৎ প্ৰয়াস। এজন ৰোগীক সময়মতে চিকিৎসা আগবঢ়োৱা, এজন শিশুক জ্বৰৰ পৰা উদ্ধাৰ কৰা, এজন বৃদ্ধক প্ৰয়োজনীয় ঔষধ যোগান ধৰা অথবা এজন গৰ্ভৱতী মাতৃৰ যত্ন লোৱাটো মানৱতাৰ সৰ্বোচ্চ উপাসনাৰেই এক বাস্তৱ ৰূপ।

কৃষ্ণগুৰু সেৱাশ্ৰমৰ বৰ্তমানৰ বৰ্তমানৰ গুৰুজনাই লোৱা এই পদক্ষেপ সেই চিৰন্তন ভাৰতীয় মূল্যবোধৰেই এক জীৱন্ত প্ৰকাশ, য'ত ধৰ্ম মানে কেৱল আচাৰ-অনুষ্ঠান নহয়, বৰঞ্চ মানুহৰ দুখত দুখী হোৱা, বিপদত সহায়ৰ হাত আগবঢ়োৱা আৰু সমাজৰ মংগলৰ বাবে নিজকে উৎসৰ্গা কৰা।

আহক, আমি সকলোৱে এই মহান সেৱাযজ্ঞত নিজৰ সামৰ্থ্য অনুসৰি অংশগ্ৰহণ কৰোঁ। কাৰণ ইতিহাসে সদায় সেইসকলকেই সন্মান জনাইছে, যিসকলে নিজৰ স্বাৰ্থতকৈ মানৱতাৰ কল্যাণক বেছি গুৰুত্ব দিছে। আজিৰ এই চিকিৎসা সেৱা কাৰ্যসূচীয়ে সেই চিৰন্তন বাণীক পুনৰ সজীৱ কৰি তুলিছে যে, মানুহৰ সেৱাই হৈছে ঈশ্বৰৰ সেৱা, আৰু মানৱ কল্যাণেই হৈছে প্ৰকৃত ধৰ্ম।

"জয় কৃষ্ণগুৰু"

✍️PODCASTOneTruth

Kidney any problem then please contact.
03/08/2026

Kidney any problem then please contact.

03/08/2026

◻️কৃষ্ণগুৰু সেৱাশ্ৰমৰ এমহীয়া মহিলা ক্ৰমৰ সামৰণি
◻️ৰাইজৰ কুশল কামনাৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা
◻️লিংগ বৈষম্য আতৰাই এখন সুন্দৰ সমাজ সৃষ্টিৰ হকে গুৰুজনাৰ বিশেষ ব্যৱস্থা
__________________________
কৃষ্ণগুৰু প্ৰভুৱে সমাজত সঞ্চাৰ কৰি থৈ যোৱা আধ্যাত্মিক চেতনাশক্তি, মানৱীয় প্ৰমূল্যবোধ, সমন্বয়ৰ ভাবধাৰা আৰু শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত লোৱা অনৱদ্য ভূমিকাই একোখন সৰ্বাংগসুন্দৰ সমাজ গঢ়াৰ পথ প্ৰশস্ত কৰি গৈছে।
লিংগ বৈষম্য আতৰাই এখন সুন্দৰ সমাজৰ হকে প্ৰভুৱে তাহানিতে বিশেষ ব্যৱস্থা কৰি থৈছে।
প্ৰতি বছৰে কৃষ্ণগুৰু সেৱাশ্ৰমত জুলাই মাহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আই মাতৃসকলে এমাহজুৰি ক্ৰম কৰে। এই বৰ্ষৰ এমহীয়া মহিলা ক্ৰম চিৰনমস্য গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আশীষ লৈ জুলাই মাহৰ ১ তাৰিখৰ পৰা আৰম্ভ কৰিছিল আৰু আজি সেই ক্ৰমৰ সামৰণি পৰে। কৃষ্ণগুৰু প্ৰভূৱে সমাজৰ সকলো শ্ৰেণীৰ মহিলাসকলৰ আধ্যাত্মিক, বৌদ্ধিক, মানসিক উৎকৰ্ষ সাধনৰ বাবে এমাহৰ বাবে ক্ৰমৰ ব্যৱস্থা কৰি দিছে, য’ত তেওঁলোকে কৃষ্ণগুৰু সেৱাশ্ৰমৰ কীৰ্ত্তন ঘৰত নামজপ কৰে, শ্ৰীমদ্ভাগৱত পাঠ কৰে, একনাম কীৰ্ত্তন কৰে, লগতে ভাগৱতী , দেউৰী , তাল - নাগাৰা বজোৱা আদিৰো প্ৰশিক্ষণ লয়। লগতে তেওঁলোকে আশ্ৰম চৌহদ পৰিষ্কাৰ কৰা, আশ্ৰমৰ ভকত ভক্তাই ব্যৱহাৰ কৰা শৌচাগাৰ পৰিষ্কাৰ কৰা কামো কৰে, যাক শ্ৰমদান বুলি কয়। ধনী দুখীয়া, সৰু বৰ, বিভিন্ন ভাষিক, বিভিন্ন জাতিৰ আই মাতৃয়ে একেলগে শোৱে, খাই , নাম - কীৰ্ত্তন কৰে, ক্ৰমত অংশগ্ৰহণ কৰে। একাত্মাবোধৰ ইয়াতকৈ ডাঙৰ উদাহৰণ কি হব পাৰে। আই মাতৃসকলে কোনাবাই ৭ দিনৰ বাবে, কোনোবাই ১০ দিনৰ বাবে, কোনোবাই ১৫ দিনৰ বাবে আৰু কোনোবাই এমাহৰ বাবেই ক্ৰমলৈ আহিছিল। কৃষ্ণগুৰু প্ৰভূৰ উদ্দেশ্য হৈছে যাতে আই মাতৃসকলক চাৰি বেৰৰ পৰা আনি আধ্যাত্মিক, বৌদ্ধিক , মানসিক উৎকৰ্ষ সাধনৰ জৰিয়তে শক্তিশালী কৰি নিজৰ ঘৰখনৰ লগতে সমাজখনতো এক সুস্থ পৰিৱেশ বৰ্তাই ৰখাত অৰিহনা যোগাব পাৰে। কালি আবেলি কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃয়ে এমাহ ধৰি চলি থকা শ্ৰীমদ্ভাগৱত পাঠৰ সামৰণি মাৰে আৰু সমূহ ৰাইজৰ কুশল কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে । ৩১ জুলাইৰ পুৱা এই এমহীয়া মহিলা ক্ৰমৰ সামৰণি হয়।

Address

Nabajyoti Nagar
Guwahati
781037

Website

Alerts

Be the first to know and let us send you an email when Nitu Moni Das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share